পৃষ্ঠা:পদ্যাৱলী.pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
পদ্যাৱলী।

(১০ )


যিপিনে পোনাওঁ,   সিপিনেই দেখোঁ,
 সবে যেন তদভুত্‌,
ক’ত বা আছিলোঁ,  কলৈ আহিলোঁ,
 নাই তাৰ কোনো দূত।

( ১১ )


নানা তৰহৰ,  নানাৰূপ ভাৱ,
 এই আহে এই যায়,
তাৰে লগে লগে,  ভাৱৰীয়াবোৰো,
 চকুৰেও দেখা দায়।

( ১২ )


শেষ যৱনিকা,  পৰিলেই হয়,
 কৃত্ৰিম ভাৱৰ অন্ত,
সংসাৰ নাটৰ,  লীলা-খেলা কিন্তু,
 চাৰিও যুগে অনন্ত।

( ১৩ )


আমি মহা মূৰ্খ,  সি কাৰণে ইহ—
 ক্ষণিক সুখৰ আশে,
হেৰুৱাইছোঁ নিজ,   মহামূল্য জ্ঞান,
 আপোন বুধিৰ দোষে।