পৃষ্ঠা:পদ্যাৱলী.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পদ্যাৱলী।

 ( ১৪ )
 ডিউক জীৱিত জানি পলায়িত সৈন্য,
ঘূৰি চাই ৰণ-স্থলী,  তিষ্ঠিয়ে কিঞ্চিত বেলি,
 বাহুৰিল আৰুবাৰ, ঘৃণি নিজ দৈন্য,
 জিনি ৰণ, নায়কৰ পাব খ্যাতি ধন্য।

 ( ১৫ )
 আবেলি ৰণক্ষেত্ৰ দুগুণে কঁপাই,
বাজিল সমৰ ডঙ্কা,  ভাৱিলে ইংৰাজে শঙ্কা,
 গালে ডিউকৰ জয়, নৰ্ম্মাণে ঘনাই,
 কাটিলে হিৰাল্ড-সৈন্য, ভৈয়ামত পাই।

 ( ১৬ )
 দুয়ো দলে ঘোৰ যুজ লাগিল দুনাই,
ধনু কাঁৰ তীৰ লৈ, বিপুল সংগ্ৰাম কৈ,
 মৰিল অনেক সৈন্য লেখা জোখা নাই,
 তেজেৰে পৰিল সোঁত, চেন্‌লাক বুৰাই।

 ( ১৭ )
 চতুৰ ডিউকে বুজি সমৰ কৌশল,
প্ৰৱঞ্চিব ইংৰাজক,  হল নিজে পলাতক,
 সঙ্গে কৰি আপোনাৰ যত সঙ্গীদল,
 আনিব নমাই ৰিপু পৰ্ব্বতৰ তল।