পৃষ্ঠা:পদ্যাৱলী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পদ্যাৱলী

 ( ২ )
 সাহসী ইংৰাজ সৈন্য শাৰি শাৰি হৈ,
চেন্‌লাক পৰ্ব্বত জুৰি,  শিৱিৰ স্থাপনা কৰি
 ঘূৰিছে বীৰৰ তেজে অস্ত্ৰ শস্ত্ৰ লৈ,
 ‘নিকালি’ নৰ্ম্মাণে গাব ‘মাভৈ’ ‘মাভৈ’।
 ( ৩ )
 নৰ্ম্মাণ্‌ সৈন্যও মহাবীৰ দাপ কৰি,
টেল্‌হাম পৰ্ব্বতব্যাপী,  আপোন কটক স্থাপি,
 গাইছে উৎসাহ গীত সবে প্ৰাণ ভৰি,
 বহাব ‘ডিউকে’ ৰাজ-আসন উপৰি।
 ( 8 )
 বাজিল সমৰ ভেৰি দিগন্ত কঁপাই,
যতেক নৰ্ম্মাণ্‌ বীৰ,  লৈ অসি ধনু তীৰ,
 আগুৱান হল তেজে বীৰ গাঁথা গাই,
 ৰণমদে চেন্‌লাক-পৰ্ব্বত-ভূমি চাই।
 ( ৫ )
 মহাৰাজ হিৰাল্ড, যুজৰ আগ ধৰি,
শাৰি যুক্ত সৈন্য জাকে, সম্ভাষি মধুৰ বাকে,
 দিলে উপদেশ সবে যতনে সাদৰি,
 এটি কথা বীৰ-বৃন্দ শুনা কাণ কৰিঃ-