পৃষ্ঠা:পদ্যাৱলী.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্ৰষ্টাৰ মহিমা দেখি জগত পটত,
গায় বিভু-গুণ গান আতি উলাসত।
যোৰহাত বুৰি খাটে “প্ৰভো! দয়াময়,
দেখিছোঁ আবেলি আমি তোমাৰে কৃপায়।
তুমি দেৱ অধিদেৱ জগ-জীৱ-প্ৰাণ,
সদায়ে সুপথে নিয়া আমাসাৰ-মন;
আৰু আপদত যেনে তোমাকে সুমৰো,
তেনে দৰে সম্পদতে যেন নাপাহৰোঁ॥”

⸺*⸺

জন্মভূমি।

( ১ )

স্বদেশে বিদেশে,  সকলো ঠাইতে
 সকলো সময়ে মই,
একেটি মাথোন,  ভাৱ লৈ থাকোঁ
 তাতেই বিভোৰ হৈ।
একেটি মাথোন,  ছবি-প্ৰতিবিম্ব
 হৃদি দৰ্পণত পৰি,
কৰে বিয়াকুল, চাই থাকোঁ তাকে
 নিজকে এফাল কৰি।
ভাবোঁ লগে লগে  বিশাল বিশ্বত
 আছে যদি দিব্য ঠাই,