পৃষ্ঠা:পদ্যাৱলী.pdf/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুখ-দুখ।


(১)


অনাদি অনন্তৰূপ, বিশ্বনিয়ন্তাৰ,
 মহান্ বিধিৰ বিধানত,
চলিছে সৃষ্টিৰ কাৰ্য্য, কেনে সুকৌশলে
 পূৰ্ব্বাপৰ একেই ভাবত।

( ২ )


দেখিছোঁ প্ৰকৃতিৰূপ,  বিশ্বৰ কোলাত,
 কালে কালে নানাৰূপ সাজে,
উৰণ, বুৰণ, আৰু গজন, ভ্ৰমণ,
 বন্ধা সদা নিৰূপিত কাজে৷

(৩)


উঠিছে ৰাঙলী বেলি, পূবৰ দিশত,
 নিশাৰ আন্ধাৰ আঁতৰাই,
দিনচৰ জগজীৱ',  দেখি ই জেউতি,
 কৰ্ত্তব্যত দিহাদিহি যায়।

(8)


ফুলনিত ফুল-কলি, প্ৰফুল্লিত হৈ
 ভ্ৰমৰা বন্ধুক আনি মাতি,
পীৱাৱে যতেক মধু, সম্ভাষণ কৰি,
 নানাভাৱে প্ৰেমালাপ পাতি।