পৃষ্ঠা:পদ্যাৱলী.pdf/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
পদ্যাৱলী ৷

বৰ ভাগ্যে উপজিলি, ব্ৰাহ্মণ কুলত,
সি হেতু ৰক্ষিলি প্ৰাণ মোৰ সমীপত।
আন দণ্ডে যদি তোৰ ভয় থাকে মনে,
গুছি যা আঁতৰি দ্বিজ আপন ভৱনে।”
শুনি দ্ৰোণ, সখা-মুখে এতেক বচন,
বিনয়ে পুনৰ কলে “পাঞ্চাল নন্দন!
ভৰদ্বাজ পুত্ৰ মই, নাম মোৰ দ্ৰোণ,
যাৰে সৈতে শিকিছিলা বেদ ধনুৰ্গুণ!
প্ৰিয় সখা বুলি যাক আশ্ৰম ভিতৰ,
সম্বোধন কৰিছিলা তুমি নৰবৰ!
ভাবি চোৱা এটিবাৰ পৰেনে মনত,
ধৰি যাৰ দুই হাত বিদায় কালত;
বুলিছিল “সখে! যেন বিপদে সম্পদে,
নোহোৱা বিস্মৃত কদা, তোমাৰ দ্ৰুপদে।
যাওঁ এবে পাঞ্চালত নহবা বেজাৰ,
অৰ্দ্ধেক পিতাৰ ৰাজ্য জানিবা তোমাৰ।
ইত্যাদি যতেক কথা, প্ৰীতি-সম্ভাষণ,
সকলো কি দুদিনতে হলা বিস্মৰণ?”
শুনি ৰাজা দ্ৰোণাচাৰ্য্যে উন্মাদ ঠাৱৰি,
আদেশি কোটালে দিলে সভাবাজ কৰি।
দুখে অপমানে দ্ৰোণ বিষাদ বদনে,
অৱস্থা প্ৰভেদ ভাবি গল নিজ স্থানে।