পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪)

কত যে আখতি কৰে, তাকো সহি মৰমত,
সৰ্ব্বদা সুখত ৰাখে কৰয়াি যতন।
লৰাৰ বয়স যদি, সম্বৎসৰ যায় ভৰি,
তিলেক ছাড়িতে তাক নোৱাৰে তেখন॥

টালিভুলি কৰি যেবে, কন্ত আধাফুটা কথা,
আনন্দে ভৰিয়া যায মাতৃৰ হৃদয।
পুত্ৰৰ কাচিত যদি, হয় জ্বৰ নৰিযাদি,
দিনে ৰাতি পৰ দিযা যতন কৰয়॥

যি পৰ্য্যন্ত সেই ৰোগ, এড়িযা পুত্ৰৰ দেহ,
নেযাৱন্ত নাই সুখ মাতৃৰ মনত।
কিবা ভাত কিবা পাণি নাহি একো সুখশান্তি,
ওজা বেজ বিচাৰিয়া থাকন্ত সতত।

পুত্ৰৎ কৈয়ো মাতৃৰেসে, দুঃখ হয় মহাঘোৰ,
বৰ্ণিবাক ন পাৰন্ত বুদ্ধিমান জন।
যতন কৰিয়া তাক, পাঠালয়ে পঠাৱন্ত,
পঞ্চম বৎসৰ তাৰ হোৱয যেখন॥

নিরূপিত সময়ত, পুত্ৰ যদি নাসিলন্ত,
স্কুলৰ পৰা—কোন কাৰণ বশত।