পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২)

সৰ্ব্বকালে অবিদিত একো নাই যাৰ।
দয়াৰ সাগৰ যিতো জগত আধাৰ॥
যাঁৰ দয়া অবলম্ব কৰি নৰগণ।
সহজে পাৱন্ত সুখে অনন্ত জীবন॥
সৰ্ব্বব্যাপী নিৰ্ব্বিকাৰ সদানন্দ ময়।
যোগীগণে ধ্যানে যাঁক ধৰিতে না পায়॥
পরুৱা পাপৰা আদি যত জীবগণ।
সতত যি জনে সমে কৰিছে পালন॥
যি জনৰ অনুগ্ৰহে লভিয়া জীবন।
সংসাৰত নানা সুখ পোৱা অনুক্ষণ॥
এ হেন প্ৰভুৰ প্ৰতি যুড়ি দুই হাত।
অকপট মনে সদা কৰা প্ৰণিপাত॥

বিনয়।

আপোনাক আপনি প্ৰশংসে যিতো জন।
জ্ঞানী সকলৰ মাঝে নিন্দাৰ ভাজন॥
আপোনাক জানে যিতো কৰিয়া সামান্য।
সভ্য সমাজত হয় সেই অগ্ৰগণ্য॥
যি জনে বিনীত ভাবে কৰে ব্যবহাৰ।
সমাদৰ পায় সিতো আগত সবাৰ॥