পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

যত অতি ক্ষুদ্ৰ প্ৰাণী আছে অগণন।
কেতিয়াও হিংসা ন কৰিবা অকাৰণ॥
সকলো প্ৰাণীৰ আছে সাংসাৰিক জ্ঞান।
সকলোয়ে সুখ দুঃখ ভোগন্ত সমান॥
বলিষ্ঠ বুলিয়া মনে যদি কদাচিত।
দুৰ্ব্বল প্ৰাণীক বধা হইয়া গৰ্ব্বিত॥
তেন্তে এই বিবেচনা ভাবিচোৱা মনে।
তেতিয়ানো তুমি কিবা ভাবিবা সঘনে॥
যদি কোন আসি মহা বলৱন্ত জন।
তোমাসাৰ প্ৰতি কৰে এনে আচৰণ॥
এতেকতে এই চিন্তা কৰি অনুক্ষণ।
কেতিয়াও ন কৰিবা হিংসা অকাৰণ॥
হিংসাভাব এড়ি সদা কৰা ব্যবহাৰ।
সকলো লোকক দেখা সম আপনাৰ॥
হিংসা অতি মহাপাপ জানিবা নিশ্চয়।
আপনা আপুনি তাৰ প্ৰতিফল পায়॥
দেখিলে পৰৰ শ্ৰী অন্তৰ দহয়।
দিনে ৰাতি সুখ নাই হিংসাত মৰয়॥
আত কৰি আছে আরু কিবা প্ৰতিফল।
যেনে পাপ তেনে তাৰ পায় প্ৰতিফল॥