পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

লাজ বা লজ্জা।

লজ্জাৰ মহিমা সব জগত বিদিত।
লজ্জাৰ গুণত হয় মানুহ শোভিত॥
বলিয়াৰ মাঝে গণ্য লজ্জাহীন জন।
লজ্জা হয় মানুহৰ শৰীৰ ভূষণ॥
সব গুণ আছে যদি ন থাকয় লাজ।
সভ্য সমাজৰ পৰা সিতো হয বাজ॥
লাজ যাৰ নাই— তাৰ না থাকে সদগুণ।
কুকৰ্ম্ম কৰিতে মাত্ৰ হোৱয় নিপুণ॥
লজ্জাহীন হ’লে সভ্য কদাপি নোহয়।
বেয়া ব্যবহাৰ ক্ৰমে দিনে দিনে হয়॥
কেতিয়াও সুখ নাই নিলাজ যি জন।
কুকৰ্ম্মত অনুৰক্তি বাঢ়ে অনুক্ষণ॥
যি মানুহে লাজ ভয় না ৰাখে কিঞ্চিৎ
সি কি জ্ঞান লভি সুখী হব কদাচিত?
কুকৰ্ম্ম-বাধক লজ্জা জানিবা নিশ্চয়।
আক এড়ি মহাপাপী দুৰাচাৰী হয়॥
অযুক্ত অকাৰ্য্য কৰি হোৱা যে লজ্জিত।
লাজৰ তাৎপৰ্য্য ইতো নোহয় নিশ্চিত॥