পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯

তেঁওৰ আজ্ঞাক ধৰি   সূৰ্য্যে সংসাৰক পূৰি,
  ৰশ্মি দিয়া কৰন্ত ৰঞ্জন।
চন্দ্ৰ আদি গ্ৰহ যত,   সদা তাঁৰ নিয়মত,
  আকাশত ভ্ৰমে অনুক্ষণ।
এতেকে হে মূঢ় মন।   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত-কাৰণ॥১॥
ছয় ঋতু কাল ক্ৰমে,   যাঁৰ নিয়মত ভ্ৰমে
  পৃথিবী ঘুৰিছে অনুক্ষণ।
যাঁৰ কৌশলৰ বলে,   জীবগণ সদা চলে,
  বাঢ়ন্ত অচল জীবগণ॥
দেখা যাৰ অনুগ্ৰহে,   এই ক্ষুদ্ৰ নৰ দেহে,
  থাকে বল বুদ্ধি বিদ্যমান।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেইজন জগত প্ৰধান॥২॥
মানুহৰ সাজা যদি,   দেখে কল যন্ত্ৰ আদি,
  প্ৰশংসন্ত কৰোতা জনক।
কিন্তু ই ব্ৰহ্মাণ্ড কল,   দেখিয়াও জীব দল,
  কিয়নু পূজয় ঈশ্বৰক॥
এহেন ক্ষমতা আৰ,   কোৱাচোন্ আছে কাৰ,
  বিনে সেই করুণা-নিধান।