পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

যিবা জ্ঞান শিকি তুমি, যিবা জ্ঞান শিকি তুমি,
ই সবৰ হাত সাৰি কটোৱা জীবন॥
হেন জ্ঞানদাতা জনে, হেন জ্ঞানদাতা জনে
কেতিয়াও নহবাহাঁ অকৃতজ্ঞ [১]
মন॥



কানি বা আফিঙ্গ।


আফিং অতি মন্দ বস্তু খাৱন্ত অজ্ঞানী।
তাৰ ফল দেখোহোঁ কেবল মাত্ৰ হানি॥
সকলোযে জানে বেয়া বস্তু হয় কানি।
কানিয়াৰ কথা হয় প্ৰায় অপ্ৰমাণি॥
কানি, ভাঙ্গ ফটিকা, এই সকলো নষ্ট।
তাক যি যি লোকে খায় পায় মহকষ্ট॥
অল্প অল্প কৰি খান্ত নুশুনে মনত।
পিছে হাত দিয়ে তাৰ সঞ্চিত ধনত॥
একো লাভ ন পাৱন্ত ৰাগি থাকে ধৰি।
বন বাৰি ন কৰি কেবল থাকে পড়ি॥
এই রূপে খাৱন্তে ধনৰ পৰে ওৰ।
একো উপায নেপাই পিছে হয় চোৰ॥


  1. * অকৃতজ্ঞ−উপকাৰ অস্বীকাৰী।