পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩ )

শিক্ষকলৈ ভক্তি প্ৰকাশ কৰা।

প্ৰাণপণে কৰি যত্ন, প্ৰাণপণে কৰি যত্ন,
শিখাৱন্ত বিদ্যা ৰত্ন যিতো অনুক্ষণ।
কেবল তেঁওৰ শ্ৰমে, কেবল তেঁওৰ শ্ৰমে,
লভিয়াছা বিদ্যাৰত্ন যিতো মহাধন॥
তোমাৰ কুশল হেতু, তোমাৰ কুশল হেতু,
জ্ঞানযুক্ত হিতকাৰী দেন্ত উপদেশ॥
জ্ঞান লভি যাঁৰ মুখে, জ্ঞান লভি যাঁৰ মুখে,
শান্তি সুখ পোৱা তুমি মনত অশেষ॥
পিতৃয়ে জনম দিযে, পিতৃয়ে জনম দিয়ে,
কিন্তু হিতাহিত জ্ঞান শিক্ষকে দিৱয়।
জ্ঞান বিনে সংসাৰত, জ্ঞান বিনে সংসাৰত,
মনুষ্য জীবনে সুখ কদাপি নোহয়॥
হেন জ্ঞান দিয়ে যিতো হেন জ্ঞান দিয়ে যিতো,
কেতিয়াও নাজানিবা সাধাৰণ জন।
উপকাৰ মনে স্মৰি, উপকাৰ মনে স্মৰি,
কৃতজ্ঞতা ফুল তাঙ্ক কৰিয়ো অৰ্পণ॥
সংসাৰত দেখা তুমি, সংসাৰত দেখা তুমি,
জ্ঞানৰ অভাবে কত ঘটিছে যন্ত্ৰণা।
পিতৃ মাতৃ নাহি মানে, পিতৃ মাতৃ নাহি মানে,
নৰহত্যা আত্মহত্যা কত যে ঘটনা॥