পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২২)

তেতিয়া তো নাই ৰাজভয় লোক ভয়।
অবশ্যে কৰিব পাৰে যি যি ইচ্ছা হয়॥
ভাই বন্ধু আদি কৰি কেৱে নেদেখয়।
মাঝ নিশা কুকৰ্ম্মত কোৱা কিবা ভয়॥
কিন্তু মূঢ়মতি মন' হোৱা সাবধান।
সেই সময়ত আছে জাগ্ৰত এজন॥
সৰ্ব্বজান হয় তেঁও সকলোকে জানে।
তাৰ চকু আছে ঘোৰ নিৰ্জ্জন কাননে॥
সমস্ত সংসাৰ মাঝে যি ঘটনা হয়।
সকলোকে জানে সেই প্ৰভু দয়াময়॥
দোষীও নিৰ্দ্দোষী হয় ৰাজ বিচাৰত।
নিদ্দোষীও দোষী হয় ফাঁ‌কিৰ বলত॥
কত লোকে ঘোৰ মহা পাপ কৰ্ম্ম কৰি।
মিছা সাক্ষী দিয়া যায় বিচাৰত সাৰি।
কিন্তু মিছা সাক্ষী প্ৰবঞ্চনা আদি যত
নাখাটন্ত ঈশ্বৰৰ ন্যায় বিচাৰত॥
নিৰ্দোষী যি হব সিতো সুখক পাৱয়।
পাপীৰ উচিত শাস্তি অন্যথা নহয়॥
কাৰ সাধ্য সাৰে ঈশ্বৰৰ বিচাৰত।
এতেকতে সত্যপথ ধৰিযো সতত॥