এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)
সেই কৃতঘ্ন জনৰ, চিত্ত অতি শোষকৰ,
ঠিক্ঠাক্ কাটে মরুভূমি পটন্তৰ[১]॥
যত হয় বৰিষণ, শুষি যায় তেতিক্ষণ,
সদাই শুকান তাত নাই জলকণ॥
তাত ন জনমে তৃণ, স্বাদু ফল শস্য হীন,
মৰীচিকা[২] ভূমে মৃগ ভ্ৰমি অনুদিন॥
ঠিক্ তাৰ অনুসাৰ, অকৃতজ্ঞ দুৰাচাৰ,
সলাগ ন কৰে যত পায় উপকাৰ॥
শঠে দুৰ্ব্বল সময়, থাকে আলম্বি আশ্ৰয়,
পাছে বল বান্ধি কৰে ঘোৰ বিপৰ্য্যয়॥
হেন দুৰ্জ্জন জনাব, সঙ্গ কৰি পৰিষ্কাৰ,
সাধুগুণে ধুই চিত্ত কৰা পৰিষ্কাৰ॥
তাত ন হবা বিমন, তাত ন হবা বিমন,
ঈশ্বৰৰ প্ৰিয় কাৰ্য্য কৰা অনুক্ষণ॥
যাক কৰা উপকাৰ, তাক নুবুলিবা ধৰি,
দুঃখীয়াক কৰা দয়া সাধ্য অনুসাৰ॥
ভাল মন্দ অনুসাৰ, ফল ভোগ হব তাৰ,
ৰাপৰ শকতি নাই হাত এড়াইবাৰ॥