পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০

মানুহক দিয়ে জ্ঞান আপুনি ন লয়।
প্ৰকৃত মানুহ সিতো ন হয় নিশ্চয়॥
চুৰ কৰা পাপ বলি সদা দিয়ে হাক।
ছল দেখিলেহে ঠগে যাকে পায় তাক॥
পেটত বিষৰ বাণ মুখত অমৃত।
ন হয় প্ৰকৃত লোক সিতো কদাচিত॥
মুখত ধম্মৰ কথা পেটত পাপৰ।
মিছা অহঙ্কাৰে কৰে উদৰ ডাঙ্গৰ॥
আনক ঔষধ দিয়ে নিজেই নৰিয়া।
বাজত বিলাই ঘৰে একো নাইকিয়া॥
লোকক যন্ত্ৰণা দিয়া নিজে সুখে ৰয়।
কদাচিতো লোক সিতো ন হয় ন হয়॥
গুরুনাম ধৰি জ্ঞান শিষ্যক নিদিয়ে।
ছলে, বলে, কলে, হ'লে, শিষ্যধন নিযে
আপুনি পাপৰ ৰজা পাপে মতি গতি।
আনৰ জগৰ পালে কৰন্ত দুৰ্গতি*[]
ভুলাই শিষ্যৰ জ্ঞান চকু ঢাকি থয়।
কেতিয়াও লোক সিতো ন হয় ন হয়॥


  1. দুৰ্গতি-দুৰবস্থা।