পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
পদ্মপুৰাণ

মাধৱ বদতি বিধি তোমাত কহিলো।
পৰম আনন্দ মনে তত্ত্ব বিচাৰিলো॥
ব্ৰহ্মাৰ অসাধ্য যিটো বেদৰ অগম্য।
ভকতিৰ বৃক্ষ সিটো ৰহস্য পৰম॥ ৮৪
মোৰ শান্ত মূৰ্ত্তি যিটো নিজ ব্ৰহ্ম ময়।
মোৰ সেৱা সৎসঙ্গ যে দুই ফল হয়॥
শুদ্ধ ধৰ্ম্ম গুৰু শিক্ষা মন্ত্ৰ তিনি মূল।
নিজ ভক্তি সাৰ ভৈল বৃক্ষৰ যে তুল॥ ৮৫
কৃপাযুক্ত নাম প্ৰেম চাৰি ৰস হয়।
পঞ্চবিধ মূৰ্ত্তি শিপা বৃক্ষৰ যে হয়॥
শৰণ ভজন আচৰণ প্ৰবৰ্ত্তন।
শান্ত শীল হয় উৰ্ম্মি আত্মাৰ লক্ষণ॥ ৮৬
বিৰকতি সত্য শৌচ দয়া যে হোৱয়।
ধৈৰ্য্য ক্ষমা স্তুতি সাত ধাতুৰ আলয়॥
নৱবিধ ভক্তি মোক্ষ ডাল ভৈল তাৰ।
আশীবিধ ভক্তি উপশাখা যে তাহাৰ॥ ৮৭
নানাবিধ আকৃতিৰ পত্ৰ শোভাময়।
ভকতৰ প্ৰীতি শ্ৰদ্ধা অঙ্কুশ ফুলয়॥
পূৰ্ণানন্দ আত্মা প্ৰীতি ভক্তি জীৱ দুই।
ব্ৰহ্মাক উপাস্য কৰে ঐকান্তিক হুই॥ ৮৮
মৎস্য কূৰ্ম্ম আদি অংশ অৱতাৰ যত।
সৃষ্টি লীলা কাৰণত ধৰো স্বৰূপত॥
মোৰ নিজ শুদ্ধ ধৰ্ম ভক্তি যশ সাৰ।
শান্ত মূৰ্ত্তি ধৰি মই কৰি প্ৰচাৰ॥ ৮৯