পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পদ্মপুৰাণ

কাম, ক্ৰোধ, লোভ,  মোহ, মাৎসধ্য,
 দম্ভ, দ্বেষ এবিবেক।
শাস্ত্ৰতো পণ্ডিত,  আমাত ভকত,
 তন্ত্ৰ মন্ত্ৰ জপিবেক॥
মনে দৃঢ় জানি,  নৱ বিধ ভক্তি,
 সততে মনে আচৰে।
উপদেশ দাতা,  সেহি গুৰু হৈব,
 শুনা তুমি সৃষ্টিকৰে॥ ৫৫
বিশিষ্ট শিষ্যত,  সিটো জ্ঞান কৈব,
 ছেদিব মন সংশয়।
যদ্যপি সংশয়,  ছেদিব নোৱাৰে,
 সেহি গুৰু নৰকী হয়॥
শুদ্ধ শিষ্যগণে,  উপদেশ দাতা,
 গুৰুকে হৰি মানিব।
গুৰুৱে শিষ্যত,  দিব্য জ্ঞান কৈয়া,
 সংশয় সবে ছেদিব॥ ৫৬.
গুৰুৰ শিষ্যত,  মইত লক্ষণ,
 পৰম আনন্দ ময়।
ভৱ সাগৰৰ,  গুৰুসে কাণ্ডাৰী,
 বৈকুণ্ঠে লৈয়া চলয়॥
যদ্যপি শিষ্য,  গুৰুৰ বিয়োগে,
 দিব্য জ্ঞান নঘটয়।
মায়া জালে বন্ধ,  হুয়া সিটো জন,
 সংসাৰ কূপে পৰয়॥ ৫৭