আত্মীয় ভাবিব তাৰ ওপৰত হে অনুগ্ৰহ থাকিব, অবি- শ্বাসী সকলৰ দুৰ্গতিৰ সীমা নাইকিয়া হব। আরু তোমাৰ সন্ততি সকলে যাতে নিত্য নৈমত্তিক ক্ৰিয়া- সমুহ যথাকালত সম্পন্ন কৰে তাৰ নিমিত্তে বিশেষ যত্ন কৰিবা।
পদ্মনাভ ভট্টাচাৰ্ষাই যতিবৰৰ পৰা এইদৰে অনুমতি পাই যতিবৰক সাষ্টাঙ্গ প্ৰণিপাত পূৰ্ব্বক প্ৰদক্ষিণ কৰিলে। যতিৰ বিচ্ছেদ শোক সন্তপ্ত হৈ কোনোমতে কামৰূপলৈ পলৈ উভটিল। কামাখ্যা পাই যতিৰ আদেশ মতে ৺ভুবনেশ্বৰী পীঠত সংযত রূপে পূৰশ্চৰণ কৰিলে। পুৰশ্চৰণৰ অন্তত উপাস্য দেবতাই ধ্যানানুৰূপিণী মূৰ্ত্তি হৈ সাক্ষাৎ দৰ্শন দিলে। আদৰ্শ মহাত্মা লোকে তাদৃশ চিন্তা মণিক দৰ্শণ কৰিলে নশ্বৰ সংসাৰৰ অনিত্য সুখক কেতিয়াও ইচ্ছা নকৰে, কেবল ভক্তি বা মুত্তিকে হে বাঞ্ছা কৰে মাহাত্মা পদ্মণাভ মহাপুৰুষেও
অনিত্যং শৰীৰং মাত ৰনিত্যাঃ সৰ্বসম্পদঃ।
যাচে তচ্চৰণাম্ভোজে ভক্তিমব্য ভি চাৰিনীম॥
জননি। শৰীৰ আৰু সমস্ত সম্পতি অনিত্য, একমাত্ৰ তোমাৰ চৰণাৰবিন্দ নিত্য, অতএব তোমাৰ চৰণাৰবিন্দত একান্ত ভক্তি মাগিছো। ধ্যাণারূপিণী দেবতাই কলে যে-