পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
পদ্মনাভাদি চৰিত ৷

যতিয়ে পদ্মনাভক বিৰলে মাতি কলে যে আজি তোমাৰ অভীষ্ট সিদ্ধি হব; তোমাৰ পৰিচৰ্য্যাত মই নিতান্ত সুখী হৈছো।

 আজি মাঘীপূৰ্ণিমা চন্দ্ৰগ্ৰহণৰো সম্ভব আছে, এতেকে তোমাক অনুগ্ৰহ কৰা হব। যতিবৰে ইয়াকে কৈ পদ্মনাভক উপবাশে থাকিবলৈ অনুমতি কৰিলে। পদ্মনাভে যতিবৰৰ আদেশ মতে দিনত উপবাস কৰি আছে, ৰাত্ৰি যেতিয়া চন্দ্ৰ গ্ৰহণ হল তেতিয়া পদ্মনাভক দশাশ্বমেধ নামক ঘাটলৈ নি গঙ্গাত স্নান কৰাই মন্ত্ৰ দি দীক্ষিত কৰিলে৷ পাচত অলপ দিন মাত্ৰ যতিবৰে তন্ত্ৰৰ আবশ্যকীয় বিষয় শিক্ষা দি কলে যে। তোমাক তন্ত্ৰৰ বিষয়ে বিশেষ ৰূপে শিক্ষা দিব নালাগে,পৰবিদ্যাৰ কৃপাত তোমাৰ সকলো সিদ্ধিহব। কিন্তু, পুৰশ্চৰণ নকৰিলে মন্ত্ৰসিদ্ধি নহয় এতেকে তুমি নিৰ্জ্জন স্থানত পুৰশ্চৰণ কৰা। কাশী মুক্তি ক্ষেত্ৰ ইয়াত পুৰশ্চৰণ কৰিলেও অবশ্য মন্ত্ৰসিদ্ধি হয়। কিন্তু, কাশীত জনসংখ্যা বেচি বাবে নিৰলা নহয়, এতেকে তুমি কামাখ্যাৰ ভুবনেশ্বৰীত পুৰশ্চৰণ কৰাই ভাল। তোমাৰ এক পুৰশ্চৰণতে ধ্যানানুৰূপিণী দেৱতা প্ৰত্যক্ষ হব। আরু তোমাৰ প্ৰপৌত্ৰ পৰ্য্যন্ত পৰি বিদ্যাৰ বিশেষ অনুগ্ৰহ থাকিব তাৰ পাচত যি জনে দেবতাক কায়মনো বাক্যে