প্ৰায় জনালে। বৰফুকনেও পদ্মনাভৰ আগ্ৰহ দেখি অলপ খৰছ কৰি দি নাৱৰেই নবদ্বীপত থোৱালে।
সেই সময়ত নবদ্বীপত ৰঘুনাথ শিৰোমণিৰ শিক্ষিত অধ্যাপক সকল ন্যায়দৰ্শনৰ অধ্যাপক, স্মাৰ্ত্তশিৰোমণি ৰঘুনন্দনৰ আৰু মহামহোপাধ্যায় শূলপানিৰ শিক্ষিত অধ্যাপক সকলৰ স্মৃতি শাস্ত্ৰৰ শিক্ষক, বৈষ্ণব দলত শ্ৰীচৈতন্যৰ শিষ্যসকল, আগম মাৰ্গত কৃষ্ণানন্দৰ শিষ্যসকল, দেশৰ শাসন কৰ্ত্তা মহাৰাজ কৃষ্ণচন্দ্ৰৰ সন্তান। সেই সময়ত নবদ্বীপত নিশাই-দিন বুলিব লাগে। পদ্মনাভ আৰু গদাধৰে নবদ্বীপ পাই ৰমানাথ ন্যায়বাগীশৰ ঘৰতে আশ্ৰয় ললে। সেই সময়ত নবদ্বীপত প্ৰতি অধ্যাপকৰে বেলেগ ২ চতুষ্পাঠী। কিন্তু, কৃষ্ণনগৰৰ ৰজাৰ তত্ত্বাবধানত এটা চতুষ্পাঠী আছিলে, সেই চতুষ্পাঠীত পাঁচ জন অধ্যাপকে ব্যকৰণ, সাহিত্য, স্মৃতি, দৰ্শন শিক্ষা দিয়ে। সেই টোলৰে ৰমামাথ ন্যায় বাগীশ অধ্যক্ষ আৰু দৰ্শনৰ অধ্যাপক। সেই টোলৰ ছাত্ৰ সংখ্যাও বেচি, সেই টোলৰ সমুদয় ব্যয় কৃষ্ণনগৰৰ মহাৰাজে বহন কৰে।
পদ্মনাভৰ বিনয় আৰু মেধা দেখি ৰমানাথ ন্যায়বাগীশে ৰজাক জনাই সেই টোলতে আসামৰ ছাত্ৰ দুই জনক ভৰ্ত্তি কৰিলে। সেই টোলৰ নাম “নবদ্বীপ সৰস্বতী চতুষ্পাঠী” আছিলে।