নগৰতে বাস কৰিছিল। যাৰ পৰমা সুন্দৰী কন্যা উষা দেবীৰ অলৌকিক ৰূপলাবণ্যত মুগ্ধ হৈ শ্ৰীকৃষ্ণৰ পৌত্ৰ অনিৰুদ্ধই সুদুৰ দ্বাৰকাৰ পৰা আহি উষাদেবীৰ পানীগ্ৰহণ কৰে। যি দেশৰ বুকত গঙ্গাৰ অৰ্দ্ধ ফলদাতা ব্ৰহ্মপুত্ৰ নদ, মহাপীঠ কামাখ্যা যোনি মণ্ডল, ভুবনেশ্বৰী, উমানন্দ, অশ্বক্ৰান্ত আদি মহা তীৰ্থ। এনে দেশলৈ কনৌজাদি দেশৰ সদ্ব্ৰাহ্মণ আৰু সৎশূদ্ৰ অহা অসম্ভৱ নহয়। পূৰ্ব্ব কালত এই আসামৰ নাম কামৰূপ আছিলে, কালিকা পুৰাণত কথিত আছে যে—
“অন্যত্ৰ বিৰলা দেবী কামরূপে গৃহে গৃহে।”
মাণ-মৰাণৰ উপদ্ৰবত দেশ উচ্ছন্ন হ’ল, মানব বসতি নিবিড় অৰণ্যত পৰিণত হ’ল। বৰ্ত্তমান যি বিলাক জাৰণি হাবি দেখা যায় পূৰ্ব্বকালত সেই বিলাকত মানুহৰ বসতি আছিলে। ব্ৰহ্মপুত্ৰৰ দক্ষি- ণাংশত কৈ উত্তৰাংশত আৰ্য্য সকলৰ বসতি অধিক পৰিমাণে আছিলে। পাৰ্ব্বত্য জাতিৰ উপদ্ৰবত উত্ত- ৰাংশৰ মানুহ স্থানচ্যুত হোৱাত মাজসময়ৰ পৰা অধিকাংশ ভদ্ৰলোকৰ মাজালিত বসতি হয়। মাণ আৰু ব্ৰহ্মপুত্ৰৰ উপদ্ৰবত অনেক ভদ্ৰলোকে মাজালিৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ ভাগত বসতি কৰে।