পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদুম কুঁৱৰী

 বীৰদত্তক আমি ইমানতে এৰি আমাৰ নায়িকা হৰদত্তৰ জীয়েকৰ কথা কোৱা যাওক। আমি যি সময়ৰ কথা কৈছোঁ সেই সময়ত পদুমে ১৪ বছৰ পাৰ হৈ ১৫ বছৰত ভৰি দিছে। মাকৰ মৰম, বাপেকৰ ভাল পোৱাৰ বাহিৰে আগেয়ে যি সংসাৰত আৰু কিবা বস্তু আছে বুলি সমাজিকতো নেজানিছিল, সেই পদুমৰ হৃদয় এতিয়া কিবা এটা ভাবেৰে তোলপাৰ। আগৰ দৰে কোনো এটা কামতে সৰহ বেলি মন লগাই তেওঁ থাকিব নোৱাৰে। হেজাৰী-ঘোষা পুথি পঢ়িবলৈ পালে যি পদুমে ভাত-পানী খাবলৈ পাহৰিছিল, তাঁত-সুতা বোৱা, পাঁজীকটা, দৰা-কন্যা সজা আদি কামত যি পদুমে মন-প্ৰাণ উছৰ্গিছিল, সেই পদুমৰ মন আৰু এতিয়া সেইবিলাক কামত নাই। তেওঁৰ মনো-ৰাজ্যত প্ৰৱল চোৰ-ডকাইতৰ উপদ্ৰৱ হবলৈ আৰম্ভ হল। এতিয়া তেওঁ আগৰ নিচিনাকৈ বাপেক-মাকৰ আগত কথা কবলৈ সংকোচ কৰে; ককায়েক আৰু দদায়েকৰ মুখলৈ চাই কথা কব লাগিলে বৰণ সলায়। যি সমনীয়া সখীয়েকৰ আগত আগেয়ে তেওঁ হিয়া উবুৰিয়াই কথা কৈছিল, সেই সখীয়েকৰ আগত তেওঁৰ মনৰ ভাব এতিয়া তেওঁ এডোখৰ এডোখৰহে প্ৰকাশ কৰিব পাৰে। কিন্তু এনে ভাবিব নেলাগে যে পবিত্ৰতা আৰু সৰলতাৰ প্ৰতিমা পদুমৰ হিয়াত পাপ ৰাক্ষস প্ৰবেশ কৰিলে। এতিয়াও তেওঁৰ মুখ ধৰ্ম্ম আৰু সাধুতাৰ কান্তিৰে পোহৰ, এতিয়াও তেওঁ সৰলতা, পবিত্ৰতা আৰু মধুৰতাৰ প্ৰতিমূৰ্ত্তি। যি পৰিবৰ্ত্তনৰ কথা কৈছোঁ, এই পৰিবৰ্ত্তন স্বাভাবিক পৰিবৰ্ত্তন। মলয় বতাহ বোৱা, গোলাপ, কেতেকী, সেউতী, মালতীৰ ন-গোন্ধেৰে আমোদিত, কুলিৰ পঞ্চম সুৰীয়া মাত আৰু ভোমোৰাৰ গুণ্, গুণ্ ধ্বনিৰে প্ৰতিধ্বনিত, আমগছৰ কোমল নতুন কুঁহি পাতেৰে পৰিপূৰ্ণ, কুঞ্জলতাদিৰে ঢকা ৰম্য যৌৱন-উপবনত