পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰবেশ

 বীৰদত্ত নাৱে-গাৱেঁ বীৰদত্ত। তেওঁৰ কথাত বীৰত্ব, কাজত বীৰত্ব, বুদ্ধি-সন্ধিত বীৰত্ব। মুঠতে কবলৈ গলে ৯টা ৰসৰ ভিতৰত বীৰ ৰসটো বীৰদত্তৰ গাত ষোল কলা আছিল। আৰু এই ৰসে তেওঁৰ ওপৰত ইমান প্ৰাধ্যান্য স্থাপন কৰিছিল যে কৰুণ, শান্তি আৰু হাস্যৰস প্ৰভৃতি ৰসবিলাকৰ কোনটোক ফাঁচী, কোনটোক বৰশী, কোনোটোক শূলত দি তেওঁ সিহঁতৰ সঁচ মাৰিছিল। উপজিবৰে পৰা তেওঁ উদাৰ চিত্তেৰে পাঁচ বাৰ হাঁহিছে নে নাই সন্দেহৰ স্থল। দুৰ্ব্বলৰ প্ৰতি দয়া, মানুহৰ প্ৰতি মৰম, জীৱ-জন্তুৰ প্ৰতি কৰুণা, কি পদাৰ্থ তেওঁ কব নোৱাৰে। কশ্চিৎ যদি তেনে ভাব তেওঁৰ মনত ওলাব খুজিলে, বীৰভাবে (যদি বাস্তৱিক পক্ষে তাক বীৰভাব বুলিব পাৰি) হাতত টাঙোন লৈ সেইখিনিত হাজিৰ হলহি, সেইবিলাকৰ আৰু মূৰ দাঙ্গিবৰ সাধ্য নাই। তেওঁ অবিবাহিত আছিল আৰু কোনো কালে যে তেওঁ বিয়া কৰাব, এনে এটা ভাবে তেওঁৰ মনত দুৱাৰ মুখ পৰ্য্যন্ত থোকা নাছিল। মুঠতে বীৰদত্ত দেখিবলৈ শুৱলা পুৰুষ নাছিল।

 তেওঁৰ মুৰটো ৰঙ্গালাওৰ নিচিনা; যদিও তেওঁ পাহ কাটি দীঘল চুলি ৰাখিবলৈ যত্ন কৰিছিল তথাপি তেওঁৰ তালুখনত ধান মেলি শুকাব পৰা। গোফ মেকুৰীৰ গোফৰ নিচিনা, বৰণ চুৱা চৰুৰ তলিতকৈ অলপহে পোহৰ; চকুদুটা সৰু, নাকটো হাকোটাটো যেন, গাল মেৰোটা-মেৰুটি হনু ওলোৱা, হাত ভৰি বৰ বৰ একোটা ইত্যাদি। বাস্তবিক পক্ষে বীৰদত্তক হৰদত্তৰ ভায়েক বুলি কোনো প্ৰকাৰে নেজানি। সেইবিলাক যেই কি বা নহওক বীৰদত্তৰ এটা সৎগুণ আমি উল্লেখ নকৰিলে তেওঁক অন্যায় কৰা হব। তেওঁ ককায়েকৰ কথা কেতিয়াও অমান্য নকৰে আৰু তেওঁৰ যদি সঁচাসঁচিকৈ কাৰবালৈ অলপ স্নেহ আছিল, সেই স্নেহ ককায়ৈকলৈহে।