পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫০

পদুমকুঁৱৰী

পদুমৰ নিচিনা কুমলীয়া ছোৱালী এজনীৰ পক্ষে ইমান বোৰ বেঢ়ি ধৰা বিপদ সহা অসম্ভৱ। প্ৰথম যাত তেওঁ প্ৰাণ মন সমৰ্পিছিল, তেওঁৰ পৰা বিচ্ছেদ | দ্বিতীয়, আপোন দেশ ঘৰ দুৱাৰ এৰি বনবাস উপজিবৰে পৰা দুখ কাক বোলে যি নেজানিছিলল, ষি শান্তি-সুখৰ সুবিমল ছাঁত, আলসুৱা হৈ বাঢ়িছিল, তেনে কোমল ছোৱালী এজনীয়ে যদি ভালুক আদি হিংংসুক জন্তুৰে সৈতে দুৰ্ঘোৰ অৰণ্যত দুৰ্ঘোৰ ক্লেশত বাস কৰিব লগীয়া হল। তাৰ উপৰি চেনেহৰ বাপেক দদায়েকহঁতৰ ৰাজদ্ৰোহ অপৰাধত কোন সময়ত কি হয় চিন নাই। শত্ৰুৱে বিচাৰি পিয়াপি লগাইছে, পালেই অঘটন ঘটিব। আৰু ভৱিষ্যতলৈ বা নিজৰ কপালত কি আপদ আছে, তাকো তেওঁ কব নোৱাৰে। ইত্যাদি চিন্তাত পদুম জলকা লাগল। এই বিলাক নিজৰ চিন্তাভাৱনাতকৈও তেওঁৱ প্ৰাণৰ সূৰ্য্যৰ বা কি হল এই চিন্তাত তেওঁ একেবাৰেই এধামৰা হৈ আছলি। এতিয়াও যদি তেওঁ কোৱা-চিলাৰ মুখেও এবাৰ বাতৰি শুনিব পাৰে যে সুৰ্য্য ভালে আছে, তেন্তে তেওঁ এই জনমৰ আশ এৰি একেবাৰেই চকু মুদিব পাৰে। লাহে লাহে তেওঁ নিজৰ আৰু বাপেক-মাকৰ বিষয়ে চিন্তা কেৱল এটা চিন্তাত পৰিণত হল যে “সুৰ্য্য ভালে আছেনে?” “সূৰ্য্য ভালে আছে“ এই কথা শুনিবলৈ পালেই পদুমে মহাসুখেৰে এই জীৱন পৰিত্যাগ কৰিব পাৰে এই দুখময় সংসাৰত আৰু একোলৈকে তেওঁৰ বাসনা নাই; মাত্ৰ বাসনা ‘সূৰ্য্যৰ সুখ৷’ পদুমে এতিয়া মনতে এই সংকল্প কলিলে যে যি মূহুৰ্ততে তেওঁ সুৰ্য্য জীয়াই থকা বাতৰি শুনিব , সেই মুহুৰ্ত্ততে তেওঁ মনত শান্তি লভি বিহ খাই প্ৰাণত্যাগ কৰি ক্লেশপূৰ্ণ পৃথিবীৰ পৰা নিত্যধামলৈ গতি কৰিব। এই অভিপ্ৰায়ে তেওঁ ৰিহাৰ আচলত সদাই বিহ এডোখৰ বান্ধি থৈছিল।