পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(V) তৃতীয় তাঙ্গণ। দ্বিতীয় তলৰণৰ তলভাগত দিয়া “এৰা বােটল” শব্দবিলাক এই ৰাৰ এই পুথিৰ আপােন আপােন ঠাইত সুমুৱাই দিয়া হৈছে। এই পুথি বা “হে কোষত” নথকা কিছুমান শব্দ সংগ্রহ কৰি এৰ। বোটলা (appendix) ভাগত দিয়া হৈছে। | এই নতুন শব্দবিলাকৰ বিষয়ে শ্রীযুক্ত দুৰ্গেশ্বৰ শৰ্মা বি,এল মহাশয়ৰ পৰা বহুত সহায় পােৱা হৈছিল ; এতেকে তেখেতৰ প্রতি কৃতজ্ঞতা হীৰাৰ কৰিলে।। শিৱসাগৰ, ) আনন্দৰাম বৰুৱা। ১লা কুতি, ১৯৪৭ শক। প্রকাশ। চতুর্থ তাঙ্গণ হেমকোষ, সংক্ষিপ্ত হেমকোষ, পঢ়াশলীয়া অভিধান, অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অক্ষয় কীর্তি আৰু তেওঁৰ জীৱনব্যাপি সাধনাৰ ফল। ‘হেমকোষৰ বাবে শব্দ সংগ্রহ কৰোঁতে কৰোঁতে এইখন ইমান ডাঙৰ হৈ পৰিল যে তাক ছপাবলৈ সৰহ ধন ভাঙিব লগা হােৱাৰ উপৰি সৰ্বসাধাৰণৰ ক্রয় ক্ষমতাৰ বাহিৰ হ'ব বুলি শংকা কৰিয়েই তেখেতে হেমকোষৰ আৰ্হিতে সংক্ষিপ্ত হেমকোষ’ নামেৰে আন এখনি অভিধান প্রণয়ন কৰে। তাৰ পাচত পঢ়াশলীয়া ছাতৰৰ বাবে অন্য এখনি ক্ষুদ্র অভিধানৰ প্ৰয়ােজন অনুভৱ কৰি তেখেতে তৃতীয়খন ‘পঢ়াশলীয়া অভিধান’ নামেৰে সৰু অভিধান এখন প্রস্তুত কৰি উলিয়ায়। যদিও এইখন পঢ়াশলীয়া ছাতৰৰ উদ্দেশ্যে লিখা, তথাপি ইয়াত বিত্তৰ অসমীয়া শব্দ সংযােজনৰ কাৰণে এইখনে ছাতৰৰ ৰাদেও সর্বসাধাৰণৰ উপকাৰ সাধিবলৈ সক্ষম হ'ব বুলি ভাবিব পাৰি। সংক্ষিপ্ত হেমকোষ’ গ্রহকর্তাৰ পৰলােকপ্রাপ্তিৰ পাচত আৰু পােৱা নগ'ল। এইখন পঢ়াশলীয়া অভিধান প্ৰকাশৰ আগতে গৃহকর্তা বৈকুঠগামী হােৱাত তেওঁৰ ভাতৃ পণ্ডিত পিতামহ পূজ্যপাদ তুলসীৰাম বৰদেৱে অশেষ