পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ নিবেদন।

 “ভেনিচৰ সাওদ” উলিয়াবৰ আজি সাতবছৰ মান হৈছে। মোৰ ইচ্ছা আছিল যে এই ভেনিচৰ সাওদৰ আৰ্হিৰে মহাকবি শ্যেক্সপিয়েৰৰ একো একোখন কিতাপ আমাৰ ৰাইজলৈ আগ বঢ়াওঁ। কিন্তু সেই ইচ্ছা কাৰ্য্যত পৰিণত কৰিব এতিয়াও নোৱাৰিলোঁ। ভবিষ্যত কি হয় কব নোৱাৰো। এতিয়া শ্যেক্সপিয়েৰৰ পাঁচখন নাটকৰ সাৰ কথা চমুকৈ লেখি আমাৰ কিতাপ পঢ়োতা ৰাইজৰ আগত ধৰো বুলি আমাৰ সাহিত্য সেৱক শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ ওচৰলৈ এই কাকত কেখনি পঠাই দিওঁ। ইচ্ছা যে তেখেতৰ তত্ত্বাৱধানৰ মুদ্ৰাযন্ত্ৰত এই কিতাপ খনি ছপাই মোক বাধিত কৰে। আমাৰ দেশতে মুদ্ৰাযন্ত্ৰ আছে যেতিয়া বিদেশলৈ যাওঁ কিয়?

 ইয়াত ‘ৰজা লিয়েৰ’ (King Lear), ‘তোমাৰ যি ভাল লাগে’ (As you like it), ‘ভেৰোণাৰ দুজন ভাল মানুহর কথা’ (Two Gentlemen of Verona), ‘দন্দুৰী দমন’ (Taming of the Shrew), ‘ভুলৰ ধেমালি’ (Comedy of Errors) এই পাঁচ খনৰ কথা আছে। যিসকলে ইংৰাজী নেজানে এই কিতাপ খনি পঢ়িলে মহা কবি শ্যেক্সপিয়েৰৰ এই পাঁচখনি নাটকৰ মূল কথা জানিব পাৰিব এনে আশা কৰো আৰু আশা কৰো আমাৰ সৰু লৰা ছোৱালী সকলোৱে এই কিতাপ পঢ়ি অলপ সোৱাদ পাই তেওঁলোক ডাঙৰ হলে ইংৰাজী কিতাপ পঢ়ি সেই সোৱাদ পূৰা মাত্ৰাত উপভোগ কৰিব। শ্যেক্সপিয়েৰৰ কিতাপবোৰ ইংৰাজী ভাষাৰ অমূল্য ৰত্ন। ‘বাইবেল’ৰ পাছতে শ্যেক্সপিয়েৰৰ গ্ৰন্থবোৰৰ স্থান। সকলো ইংৰাজী জনা মানুহে বাইবেল আৰু শ্যেক্সপিয়েৰ পঢ়া উচিত। কাৰো কাৰো বাইবেল পঢ়িবলৈ আপত্তি থাকিব