পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)
পঞ্চৰত্ন।

এন্টিফোলাছক দিছিল। স্বিৰাকিউজৰ এন্টিফোলাছে এওঁক নিচিনা দেখি খং উঠি কলে গৈ যে তেওঁৰ গিৰীয়েক বলিয়া হৈছে। তেওঁ গৈ এড্ৰিয়ানাৰ ওচৰ পালেগৈ। এড্ৰিয়ানাক গোচৰ কৈ থাকোতে ইফিম্বাছৰ এণ্টিফোলাছ বন্দীশালৰ গৰাকিৰে সৈতে আহি হাজিৰ! এড্ৰিয়ানাৰো গিৰিয়েক বলিয়া বুলি বিশ্বাস হ'ল। বন্দীশালৰ গৰাকিক টকা দি গিৰীয়েকক বন্ধ কৰাই থোৱালে আৰু বেজ মাতি পঠিয়ালে।

 ইয়াৰ অলপ পাছতে এড্ৰিয়ানাই শুনিলে যে তেওঁৰ গিৰিয়েক আৰু লগুৱা বাটত ফুৰি আছে। গিৰিয়েক পলাই গৈছে বুলি ভাবি মানুহ দুনুহলৈ পাছে পাছে গ'ল। গৈ গৈ মঠৰ ওচৰ পালে গৈ। সেই মঠৰে গৰাকী এন্টিফোলাছহঁতৰ মাক।

 এই মঠৰ ওছৰতে আকৌ স্বিৰাকিউজৰ সাওদৰ প্ৰাণ দণ্ড দিবৰ হুকুম হৈছিল। এওঁ আৰু টকা দিব নোৱাৰিলে। দণ্ড ভূমিলৈ লৈ যোৱা হ’লত মঠৰ গৰাকীয়ে তেওঁক তেওঁৰ স্বামী বুলি চিনি পালে।

 ঘটনা চক্ৰত সেই ঠাইতে সকলোৰে মিলন হ'ল। স্বিৰাকিউজৰ এন্টিফোলাছৰ লুছিয়ানাৰ সৈতে বিয়া হ’ল। সকলোৰে আনন্দ হ'ল। *


  • টোকা।

এই নাট খনি “ভ্ৰম ৰঙ্গ” নামেৰে অসমীয়া ভাষাত ১৮৮৮ কি