পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)
পঞ্চৰত্ন।

ৰজাই ঈজিয়নক বন্দী কৰিলে, কিয়নো স্বিৰাকিউজৰ ৰজাই ইফিম্বাছৰ এজন সাওদক টকা দিব নোৱাৰাৰ বাবে প্ৰাণদণ্ডৰ আজ্ঞা দিছিল। পৃথিবীৰ নিয়মেই এই। এজনৰ দোষৰ বাবে আন এজনে ভোগে!' ৰজাই কলে— “তোমাক এদিন সময় দিয়া গ'ল, তুমি যদি এই দিনৰ ভিতৰত টকা দিব নোৱাৰা তোমাৰ প্ৰাণদণ্ড হ'ব।” তেওঁ মহাচিন্তাত পৰিল। এতিয়া টকা কত পায়?

 ইপিনে যি সৰু ল'ৰাটীক স্বিৰাকিউজৰ এন্টিফোলাছক-তেওঁ বিচাৰি আহিছিল, সেই লৰাটী তেতিয়া সেই ঠাইতে। এজন বন্ধুৰ লগ পাই জানিলে যে এই দেশত স্বিৰাকিউজৰ পৰা আহিছে বুলি কলে প্ৰাণদণ্ড হ'ব, সেই দেখি বন্ধুৰ পৰামৰ্শ মতে তেওঁ এপিডেনামৰ সাওদ বুলি নিজৰ চিনাকী দিলে। নিজৰ লগুৱাক অলপ টকা দি ক'লে “যা অতিথি আশ্ৰমত আমাৰ খোৱা বোৱাৰ ঠিকঠাক্‌ কৰ গৈ, এই নগৰ খন চাওঁ গৈ। ” লগুৱা গ'ল। ছহৰ ফুৰি নানান্ চিন্তা কৰি থাকোঁতে ড্ৰমিও আহি ওলালহি। ই কিন্তু তেওঁৰ লগুৱাটি নহয় দেই, আনটো ড্ৰমিও। ইমান সোণকালে উভতি অহাত আচৰিত হৈ কলে “হেৰ তই ইমান সোণ- কালে আহিলি দেখোন্”? ড্ৰমিওই কলে “আয়ে পঠাই দিছে। তেওঁ আপোনাৰ খাবৰ বস্তু বেহানী