পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)
পঞ্চৰত্ন।

দলৰ কথা নেজানে।

 পাছত এনেদৰে দি যায়! দিন গল, মাহ গল, বছৰ গ'ল। কোনেও কাৰো খবৰ নেপায়। দিন, মাহ,বছৰ কাৰো নিমিত্তে বাট চাই নেথাকে। এনেকৈ বহুত বছৰ গ'ল। পাছত বাপেক আৰু লৰা দুটীয়ে (স্বিৰাকিউজৰ) ভাবিলে যে আনবোৰৰ ইমান দিন একো বা-বাতৰি নাই পোৱা, এবাৰ বিচাৰ কৰা যাওক। এই বুলি স্বিৰাকিউজৰ এন্টিফোলাছ্, আৰু লগুৱা ড্ৰোমিও (কবলৈ পাহরিছোঁ যে লগুৱা দুটীৰ নাম ড্ৰোমিও আছিল, জজা দেখি মাকে দুইৰো নাম একে থৈছিল) আনবোৰক বিচাৰি ওলাল।

 ইপিনে ইমিলিয়া মঠ এখনৰ গৰাকীয়নী হ'ল। তেওঁ নিজৰ কাম লৈ থাকে। সেই ঠাইতে যে তেওঁৰ লৰা এটি লগুৱাৰে সৈতে আছে তাক তেওঁ নেজানে।

 এন্টিফোলাছ্ আৰু ড্ৰোমিও— দুয়ো স্বিৰাকিউজৰ উভটি নহা দেখি বাপেক ওলাল। বাপেকে গৈ ইফিম্বাছ্ পালেগৈ। তেওঁৰ সকলো ধন খৰচ হ'লত তেওঁৰ অৱস্থা বৰ দুখৰ হ'ল। স্বিৰাকিউজৰ সাওদ বুলি তেওঁ চিনকী দিয়াত ইফিম্বাছৰ ৰজাই তেওঁক বন্দী কৰি থোৱালে। কিয়নো স্বিৰাকিউজৰ ৰজাই এই দেশৰ সাওদ এজনক বন্দী কৰাৰ পাছত প্ৰাণদণ্ড কৰিছিল। পৃথিবীৰ এয়ে নিয়ম! ইফিম্বাছৰ