পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)
পঞ্চৰত্ন।

ণ্টাইন্‌ আৰু জুলিয়া ইহ সংসাৰত নাই বুলি কলে। কিন্তু ছিল্‌ভিয়াই প্ৰোটিয়াছক ইতিকিং কৰে, আৰু কয় যে তেওঁ বৰ বিশ্বাসঘাতক। জুলিয়া আহি প্ৰোটিয়াছৰ তাত চাকৰ হয়হি। এই জুলিয়াকে (অৱশ্যে নিচিনি) প্ৰোটিয়াছে এখন ছিল্‌ভিয়াৰ চিত্ৰ আনিবলৈ পঠায়, আৰু এটি আঙঠি ছিল্‌ভিয়াৰ নিমিত্তে পঠায়। এই আঙঠিটো আকৌ জুলিয়ায়ে দিয়া। জুলিয়াক কিন্তু ছিল্‌ভিয়াই ওভটাই দিয়ে আৰু কয় যে তেওঁৰ “মুনিব্‌” বৰ বিশ্বাসঘাতক; তেওঁক তেওঁ মুঠেই ভাল নেপায়! জুলিয়াৰ ইয়াত বৰ আনন্দ হয়। কাৰ নো আনন্দ নহ’ব?

 ইপিনে ভেলেন্টাইনে যেতিয়া মিলান ৰাজ্য এৰি যাবলৈ হুকুম পায়, তেওঁ ৰাজ্য এৰি গল। পাছত এদল ডকাইতে তেওঁক বাটত ধৰিলে। তেওঁৰ সুন্দৰধীৰ মূৰ্ত্তি দেখি ডকাইতবোৰে ক'লে, “তুমি যদি আমাৰ দলৰ গৰাকী হোৱা, তোমাক নেমাৰোঁ, নহলে তোমাক মাৰিম।” ভেলেন্টাইন ইয়াতে মান্তি হৈ সিহঁতৰ দলপতি হ'ল!

 ছিল্‌ভিয়া আৰু স্থিৰ হৈ থাকিব নোৱাৰিলে। ভেলেন্টাইন্ কলৈ গ’ল, ক’ত আছে এইবোৰ ভাবি তেৱোঁ এজন বিশ্বাসী মানুহৰ সৈতে ভেলেন্টাইনক বিচাৰি ওলাইগ’ল। পাছত বাটতে এওঁলোকক ডকাইতবোৰে ধৰি সিহঁতৰ ৰজাৰ ওচৰলৈ লৈ গ’ল। কি আচৰিত