এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পচতি।

দিহা

কৃষ্ণই কান্দে।
অভাগিনী যশোদাই উৰলত বান্ধে॥

পদ।

আনিলন্ত আঁজুৰি ভৰ্ৎসিয়া বাবে বাৰ।
কৃষ্ণক বান্ধিবে মতি ভৈল যশোদাৰ॥
নজানন্ত গোপী কেনে প্ৰভাৱ কৃষ্ণৰ।
নাই পূৰ্ব্বাপৰ যাৰ বাহিৰ ভিতৰ॥১৩॥
হেন মাধৱক গোপী পুত্ৰ মানি বলে।
সামান্য শিশুক যেন বান্ধে উৰুখলে॥
কৃষ্ণক বান্ধন্ত অতি যশোদা সুন্দৰী।
নুযুৰিলে দেখন্ত আঙ্গুল দুই জৰী॥১৪॥
আনি আৰু জৰী সতী তাতে যোৰা দিল।
বান্ধি চাৱে সিয়ো দুই আঙ্গুলে নাটিল॥
দুনাই জৰী যুৰিয়া গাৱৰ বলে আটে।
দেখে গোপী তথাপি আঙ্গুল দুই নাটে॥১৫॥
এহিমতে গৃহত পাইলন্ত যত জৰী।
আনি আনি যোৰা দিয়া বান্ধস্ত সুন্দৰী॥
তথাপিতো নোযোৰে আঙ্গুল দুই আসি।
দেখি সব গোৱালীৰ ৰঙ্গে উঠে হাঁসি॥১৬॥