এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পচতি

যাৰ পদ সেবি জয়দেৱ কবি
 মাতৃ-গমন পাপ এৰাইলা॥১৫॥
কল্কি অৱতাৰে ম্লেচ্ছক সংহৰি
 খড়্গ চৰ্ম্ম হাতে ধৰি।
তোমাৰ তনয় মনুষ্য নহয়
 এন্তে পূৰ্ণ ব্ৰহ্ম হৰি॥১৬॥
কৃষ্ণৰ চৰিত্ৰ  মধুৰ সঙ্গীত
 ভাগৱত অৰ্থ সাৰ।
শ্ৰীমাধৱ দত্ত উপাধ্যায় কৃত
 তুষ্ট হৈবা দামোদৰ॥১৭॥

সূত্ৰ।

 ওহে সমাজিক লোক! তদনন্তৰে গোপ গোপী সব আসিয়া শ্ৰীকৃষ্ণ শিৰে কুসুম বৰিষে, হালধি গোৰস তৈল জল মোট ভৰিয়া সিঞ্চে, নন্দৰ তনয়। তাহাক দেখহ, শুনহ, নিৰন্তৰে হৰি ৰাম হৰি ৰাম॥


গীত

আলো ভাই! (ও আলো ভাই)
গোকুলে উদয় যদুমণি।
আনন্দে নন্দেৰ পুৰী চানি॥