এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পচতি।

পৰম শোভন কাল ভৈল সিবেলাত।
সুৰভি শীতল সুমঙ্গল বহে বাত॥৩॥
দশোদিশ প্ৰসন্ন নিৰ্ম্মল তাৰাগণ।
মধুকৰে গুঞ্জৰে পুষ্পিত দেখি বন॥
পৃথিবীত সুমঙ্গল মিলিল অপাৰ।
নদী নদ প্ৰসন্ন পঙ্কজে জাতিষ্কাৰ॥৪॥
ভৈল মহা স্বচ্ছ অতি সজ্জনৰ মন।
আকাশত স্তুতি কৰে সিদ্ধ মুনিগণ॥
অসংখ্যাত দুন্দুভি স্বৰ্গক চানি বাৱে।
অপসৰা নাচে বিদ্যাধৰে গীত গাৱে॥৫॥
বৰিষন্ত পুষ্প দেৱ মুনি নিৰন্তৰ।
সাগৰৰ লগত গৰ্জ্জন্ত জলধৰ॥
মধ্য ৰাতি অতি অন্ধকাৰ ভৈল ছন্ন।
সেহি সময়ত উপজিল নাৰায়ণ॥৬॥

⸻⸻

দিহা

হৰিময় লৈলোঁ শৰণ। যাদব মাধৱ

বান্ধৱ ৰাম॥ (এ হৰিময় লৈলোঁ শৰণ)

পদ।

দৈৱকীৰ গৰ্ব্ভে আসি ভৈলন্ত বেকত।
চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্ব্ব যে দিশত॥