এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পখিলা

 আমি পখিলা। আমাৰ পাখিত নানা বৰণৰ ৰং আছে বুলি আমাৰ এই নাম। গছ-লতাৰ ফুল আৰু পাতক আশ্ৰয় কৰিয়েই আমাৰ জনম। ফুলৰ ৰেণুৱেই আমাৰ প্ৰধান খোৱা বস্তু আৰু ফুলৰ আশ্ৰয়তেই আমি থাকো।

 আগৰ দিনত আমাক বুলিছিল প্ৰজাপতি। হিন্দুৰ প্ৰধান দেৱতা ব্ৰহ্মাৰ নামো প্ৰজাপতি। কিয়, ক’ব পাৰানে? অনন্ত- শয়নত নাৰায়ণ দেৱতা শুই থাকোতে তেওঁৰ নাইৰপৰা পদুম ফুল এটি ফুটি ওলাইছিল। সেই পদুম ফুলতেই ব্ৰহ্মাৰ জন্ম হৈছিল। ফুলৰপৰা ওপজা বুলিয়েই নেকি আমাৰ আৰু ব্ৰহ্মাৰ নাম একে।

 আমি যি বৰণৰ ফুলক আশ্ৰয় কৰি থাকো, আমাৰ পাখিৰ ৰঙো সেই বৰণীয়া। আমি ফুলত পৰি মৌ চুহি থাকিলে চৰাই- চিৰিকটিয়ে ফুল বুলিয়েই আমাক ভ্ৰম কৰে, আৰু খাবলৈ আমাক বিচাৰি নাপায়।

 প্ৰজাপতি ব্ৰহ্মাই হেনো বিশ্বসংসাৰখন ৰচনা কৰিছিল। ৰচনাৰ উপাদান আমাৰ পেটতো আছে। আমি যি কণী পাৰো, সেই কণীৰপৰা ফুটি ওলোৱা পোকেই লেটা পকাই তোমালোকক এৰী, মুগা, পাট আদি বহুমূলীয়া কাপোৰ যোগায়।

 আমি জানিবা উৰণীয়া ফুল। সেই ৰুলি আমাৰ জীৱনত মোল নাই বুলি নাভাবিবা। অকণহঁত! মন কৰিলে তোমালোকো আমাৰ নিচিনাই হ’ব পাৰা। তোমালোকৰ পাখি নাই, কিন্তু মন আছে। আমি পাখিৰে যিমান উধাব পাৰো, তোমালোকে মনেৰে তাতোকৈ বেছি উধাব পাৰা। আমাৰ পাখিতকৈ তোমালোকৰ পাখিত বেছি ৰং খুৱাব পাৰা।