প্ৰাক্চা—শুনা মোৰ বীৰ-পুৰুষ। ঘৈণীয়েৰাক ক’বলৈ দিয়া। আগলৈ আৰু চোৰ আঁৰ, মিছা বিবৃতি, দাৰিদ্ৰ্য, পৰনিন্দা আৰু আত্মশ্লাঘাৰ অৱকাশ নেথাকিব।
এনেতে আন আন মহিলাসকলে আগবাঢ়ি আহি নায়িকা প্ৰাক্চাগোৰাক বেঢ়ি ধৰিলে। প্ৰাক্চাগোৰাই অনুপ্ৰেৰণা পাই কমিউনিষ্ট নেতাৰ সুৰেৰে ঘোষণা কৰিলে –
“মোৰ কৰ্মতালিকাৰ পহিলা দফাই হৈছে সমান অধিকাৰ। কোনোবা ধনী, কোনোবা দুখীয়া, কাৰোবাৰ বিস্তৰ জমিদাৰী, কাৰোবাৰ নিজৰ মৰাশ পুৰিবৰ ঠাই নাই, কাৰোবাৰ অগণন বন্দী-বেটী, কাৰোবাৰ এন্ধাৰত খোজ কঢ়াত সঙ্গী নাই — এনেবোৰ অসাম্য মোৰ শাসনত থাকিবলৈ নিদিওঁ। ভূমি, ধন আৰু আন আন সা-সম্পত্তিত সকলো নাগৰিকৰেই সমান স্বত্ব থাকিব। আমি তিৰোতাই হিছাপ-নিকাছ কৰি ৰাজ্য চলাব জানো। যাৰ যিহৰ অভাৱ, সেই সেই অভাৱ পূৰণ কৰা হ’ব!”
ব্লেপি—বাৰু, কাৰোবাৰ মাটি নাই, কিন্তু পুতি থোৱা সোণ আছে; তাৰ কেনেকৈ সন্ধান পাবা?
প্ৰাক্চা——দেশত যেতিয়া দাৰিদ্ৰ্য নেথাকে, আৰু ইচ্ছা কৰিলেই অভাৱ মোচন হয়, তেতিয়া গোপনে মানুহে সোণ সাঁচিব কিয়?
ব্লেপি—কোনে হাল বাব?
প্ৰাক্চা—নিকিনা গোলামবোৰে। তোমালোকে কেৱল ধুনীয়া সাজ-পাৰ পিন্ধি ঘড়ীৰ কাঁটা চাই খোৱা ঘৰত সোমাবহে লাগিব।
ব্লেপি—কোনে কাপোৰ যোগাব?
প্ৰাক্চা—বৰ্তমানৰ জোখাৰে সাজ-পাৰ আছে। পিছলৈ আমি তিৰোতাসকলেই কাপোৰ বই উলিয়াম।
ব্লেপি— বাৰু, কাৰোবাৰ বিৰুদ্ধে ঋণৰ বাবে যদি ডিক্ৰী জাৰি হয়, সি ক’ৰপৰা ঋণ পৰিশোধ কৰিব? উমৈহতীয়৷ ভঁৰালৰপৰা টকা পাবনে?