পৃষ্ঠা:ন-বোৱাৰী.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২]
ন-বোৱাৰী।

ঠালি চৰু ডাঙ্গিব পাৰোঁ, তেহে যদি ৰান্ধি বাঢ়ি টুটলি তামুলিকৈ খুৱাব পাৰোঁ। বুঢ়ি বান্দীৰ জানো এই জন্মত দুখন হাতৰ আজৰি হব। আমাৰ কোন আছে; কোনে আমালৈ কাণ কৰে।

 লাবন্য— (ভিতৰত আহি) ধৰক আই! এইয়া মই অথনিয়েই তামোল কাটি আপোনাৰ ভিতৰত থৈছিলো।

 সুভদ্ৰা— উ-আই। শাহুৰ মান খন ধৰিছে চোৱা! নে নে তোৰ তামোল লৈ যা, কাক খুৱাবলৈ কাটিছ, খুৱা নে। আজি এইনামে সন্তোষ।

(লাবন্যৰ তামোলথৈ প্ৰস্থান। )

 সুভদ্ৰা— হেৰ আই-অ! শুন, তামোল পাণ এটি বিচাৰি লৈ আহা।

(কচুখাতীৰ প্ৰবেশ। )

 কচু— আইৱে নো কিকৰা হৈছে।

 সুভদ্ৰা— বোলো আমাৰ নে, আমাৰ কথা শুধিছানে?

 সুভদ্ৰা— এঃ কি শোধা। বাৰু বঁহা।

 কচু— ভালে দিন আপোনালোকৰ ফালে ভূমুকি মাৰিব পৰা নাই। আজিহে কোনোমতে মুৰ পোলোকা দিছো।