এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ন-বোৱাৰী।



প্ৰথম অঙ্ক।
প্ৰথম গৰ্ভঙ্ক।





শম্ভুনাথৰ তামুলি চৰা।
(সুভদ্ৰা, লাবন্য, স্বৰ্ণ, কচুখাতী ফেদেলী আৰু ককিলী)
সুভদ্ৰা— (অকলৈ তামোল বটা আগতলৈ) এস্ মোৰ পোৰ বোৱাৰী হব, মোক চুলিত ধৰি বাটত থব। এই বুলি আবেলি চৰুৰ পৰা আজৰি হই, বোলোঁ তামোল এখন খাওঁ। ইপিনে তামোল খুৱাই থৈছে— বটাটিত নাই যি নাই পাণ ঠাৰি এডালিও দেখিবলৈ নাই। এতিয়া আকৌ, ক’ত আছে তামোল ক’ত আছে পাণ, ক’ত চূণ, ধপাত ক’ত কিমান তইনাৎ কৰি ফুৰিবা। থাওক আৰু; আজি ভাতৰ মুখেই যাওঁ। উস্ ৰাম! বাগৰ এটা নেমাৰি নোৱাৰো; তেহে যদি বুঢ়ীবেটীৱে ৰাতিলৈ ভাতৰ