পৃষ্ঠা:ন-বোৱাৰী.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩০]
ন-বোৱাৰী

 পিতাম্বৰ-ছোৱালীৱে কৰিব পাৰেমানে সহিব পাৰেমানে ভাল। কি কৰিবা আমাৰ কিবা উপায় আছে নে? মোৰ জ্ঞানী ছোৱালী বনক বন নুবুলি কথাক কথা নুবুলি ভাল কৰিছে। (ভিতৰৰ পৰা ওলাই আহোতে)

 প্ৰেম-ভাল কৰিছে ময়ো বুলিছে। কিন্তু, এটা কথা, আগৰ লাবন্য এতিযা নাই আগৰ মূখ নাই, আগৰ তেজ মঙ্গহ নাই চকুৰ গুৰি কলা পৰিল। বৰ নৰীয়াৰ পৰা উঠিলেও মানুহৰ এনে নহয়।

 পিতাম্বৰ- সিহঁতৰ যি ইচ্ছা তাকে কৰক। তুমি নপথিৱাও বুলিছানে কি?

 প্ৰেম -নহয়, আগৰ তেজ মঙ্গহ চাপে মানে ৰাখিম বুলি ভাবিছো। ছোৱালীৱেও মন মুকলিকৈ দুদিন মান জুৰাওক।

 পিতা–বিহুলৈ অনাইছো; অতি টানে ১০ দিন, তাতকৈ বেচী কাৰিলে হিতে বিপৰীত হব পাৰে।

 প্ৰেম-এৰা হওতে; এ বোপা আহিব বুলিছিল নহয়?

 পিতা—কোন বোপা?

 প্ৰেম—জোৱাই লৰা-

 পিতা—অ’ হয়। আৰু সাত দিনৰ মুৰত চৰকাৰী লেঠালৈ আহিব।