পৃষ্ঠা:ন-বোৱাৰী.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৪]
ন-বোৱাৰী।

ভাতগাল কাঢ়ি খাইছে, তহঁতৰ ঘৰৰ পানী খোৱা নাদত বিহ ঢালিছে নহয় বাৰু? সেই গুণে তোৰ কথা মিছাকৈ লগাইছে? নহয় বাৰু? খেকাৰ খাঁতি, বান্দি, গোলামৰ কথীয়া, ইমানতে ইমান পালিহি? গছকিব লাগেনে?

 লাবন্য— যিহকে মন যায় তাকে কৰক।

 সুভদ্ৰা— আকৌ মোৰে সৈতেও মুখ চুপতি। মই তোৰ সমনীয়া তোৰ জোৰৰনে ফেবৰ? মাৰে মাথোন দন কৰিবলৈ শিকাই পঠিয়ালে? কামৰ ফালে কুটা এগছিও চিঙ্গিবৰ যোগ্য নহয়। ধোদৰ পচলা মাত্ৰ বহি শুই খাবলৈ আহিছ। বন এখনলৈ পাছিলে সাত খন দন কৰিবি। ডুমুনী দন কৰিবৰ হলে ডোমৰ গাৱঁলৈ যা। তাতহে তোৰ জোখাৰে মানুহ পাবি। বাৰু, আজি বোপা আহক ইয়াৰ মান পাবি। গুচ্‌ ডুমুনী আগৰ পৰা গুচ্।

 লাবন্য— (গুচি যায়)

 সুভদ্ৰা— ব’ল আই— এইজনীৰে কিমান দন কৰিবি।

 স্বৰ্ণ— মোক কেলৈ?

 সুভদ্ৰা— আহ জলপান দুটামান খাইহি। আজি ভাত হওতে বেলি হব। (স্বৰ্ণক হাতত ধৰিলৈ প্ৰস্থান)