ফেদেলী— কেনেকৈ চিনিবা মোৰ লাহৰি! তোমাক আনিবৰ দিনধৰি আমি আহিবলৈ আজৰি পোৱা নাই। ঘৰত আসোঁৱাহ হালোৱা পথৰুৱা মানুহ নানান বন-বাৰিত ফুৰি ফুৰোতেই যায়। হওতে ঘৰো ইয়াৰ পৰা দূৰণীত নহয়, জানো এমাইল হয়নে নহয়? ককিলীৰ ঘৰ সৌৱা, তাই তিনিও তিলিকিতে আহিব পাৰে। কচুখাতী আকৌ খাতোৱাল চুকৰ গাওঁবুঢ়াৱনী, নিধি গাঁওবুঢ়াৰ ঘৰশুৱা।
লাৱন্য— ভাল বাৰু; বাই, তোমাৰ কোন কোন আছে?
ফেদেলী— মাউৰা পোনা দুটা; সিহতকে বুকত বান্ধি থাকো। তাৰে যেনিবা বৰটোলৈ যোৱা বাৰতে ছোৱালী এটী চপাইছো।
লাবন্য— সৰুটিলৈ আনিবৰ নৌ হবলা?
ফেদেলী— এ-নৌ অচোন সি এখনীয় কাচুতি সলাইছেহে।
লাবন্য— বোৱাৰীয়াক মাজে মাজে পথিয়াবানে?
ফেদেলী— কব লাগিছেনে আহিগৈ থকা মানুহ।
লাবন্য— বাই তোমাৰ কোন আছে?
কচু— মোৰ কপালে, লৰা ছোৱালীৰ মুখ ইজন্মত নেদেখিলো। নিঠৰুৱা মতা–তিৰোতা এহাল মাথোন।
ককিলী— বৌদেউ। এতিয়াও ধুতি ভগা নাইনো কিয়?