এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬]
ন-বোৱাৰী।
সুভদ্ৰা— স্বৰ্ণ! স্বৰ্ণ!! যা-ছোন-যা, সেইপাতে নো সিহতৰ আগত কি কয় আলেঙ্গে আলেঙ্গে শুনগৈ। ময় এখন্তেক কাতিহৈ লওগৈ।
(ফুচ ফুচাই)
দুইৰো প্ৰস্থান।
দ্বিতীয় গৰ্ভাঙ্ক
ভিতৰৰ বুলনী।
(কচুখালী ফেদেলী, ককিলী আৰু লাবন্যলতা)
ককিলী হতক অহা দেখি লাবন্যই এ দীঘল ওৰণি টানে।
ককিলী— বৌ দেউ। আমিনো ক’ৰ পৰ মানুহ। আমাৰ আগত কি ওৰণি টানিছে।
কচু— এৰা, সদায় আমি অহিগৈ থকা মানুহ। এইখন ঘৰেসৈতে ভেদ-পৰ নাই। দাঁতত ভাত এটা লাগিলেও গম পাওঁ। এনে স্থলত আপুনি আমাতে আৰবেৰ কৰে।
ফেদেলী— আইৰে-আই, তহঁতো ভাল আই; লোকে ভালৰ জীৱৰী, ভালৰ বোৱাৰী, কিবা তোৰ-মোৰ দৰেনে? মতা থকাদৰে থাকিব, মতা ফুৰাদৰে ফুৰিব। তহঁত আপোন হব নোৱাৰিছ; সেইবুলি লোকে আদপ কায়দা এৰিবনে?