পৃষ্ঠা:ন-বোৱাৰী.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫]
ন-বোৱাৰী।

 সুভদ্ৰা— থ’ থ’ আইহে— সেইবোৰ লাজ বিজৰ কথা— আমাৰ সমন্ধি হলে নাক কটা। লৰাই পিক পেলাবলৈ বান এটিও নাই। অশুচি হলে শুবলৈ বেলেগ পাটি এটিও লগত নাই! লোটা চৰিয়া গোটা দিয়েক, কাঁহি বাতি দোজোৰ মান, তাঁতশাল, অৰ্চি, ফনি আৰু কিবাকিবি লাংখা লিংখি দুডাল মানে সৈতে কাপোৰ কানিৰ সজটো আনিছে হবলা। আমিনো তালৈ কি মন কৰিছো।

 ককিলী— ভাল দিছে, আৰুনো জীৱৰীৰ লগত কি দিব।

 কচু— আইহে থৈ-দে থৈ-দে বৰকৈ নকবি। আনৰ হোৱা হলে দুসাজ দুসাজ দিলে হেতেন। আগলৈ নাই পাচলৈ নাই মাথোন এজনী ছোৱালী তাইৰ লগতে যদি এই, ফুকনৰ ঘৰে কৰিৰ কি? একে বাৰেই পাঁচ জনী।

 ফেদেলী— আই! ন’ছোৱালী চাবলৈ গলো হেতেন?

 সুভদ্ৰা— কিনো ন’ছোৱালী চাবি। মানুহ নহয় ভূত! যা বাৰু ভিতৰ সোমায় যা হঁক।

 কচুখাতী— (উঠি) আহ ককিলী তয়ো আহ।

(তিনিৰো প্ৰস্থান)