পৃষ্ঠা:ন-বোৱাৰী.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪]
ন-বোৱাৰী।

 কচু— আইদেউ তেনেকৈ কিয় কয়।

 স্বৰ্ণ— থোৱা থোৱা তোমাৰ কথা মুখৰ বাজ নকৰিবা।

(ফেদেলী আৰু ককিলীৰ প্ৰবেশ)

 ককিলী— উ-আই! কচুখাতী বাইৱে বা কৰিছেহি কি?

 কচু— তহতনো আহিছ কলৈ?

 ফেদেলী— কচুখাতীৰ মুখ খনি চাও বুলি।

 কচু— ন’ছোৱালী নেচাই তেন্তে মোকে চা। আই বোৱাৰীনো কেনে পাইছে?

 সুভদ্ৰা— কেনে পাবা— যেনে পাব লাগে তেনে।

 ফেদেলী— নৌ চাৰিদিন হওতেই কেনেনো পাব।

 স্বৰ্ণ— পালা হেতেন যদি তেহে।

 কচু— লগতনো বস্তু বাঢ়নী কিমান আনিছে?

 সুভদ্ৰা— সেইবোৰ কথা কি শোধা; কি-তো আনিছে কিহৰ কথা কম! আমিনো কি পৰলৈ আশা কৰা মানুহ ঘৰ।

 ককিলী— আপুনি নিজে শকত। কিয় লাগে পৰৰ ভকত।

 ফেদেলী— তেও বুলি আমাৰ আগত জানো কব নেপায়। আমি কিবা জানো চুৰ কৰিমহি।