এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৪ )

তুমিসে দেৱৰ প্ৰাণ, বাৰে বাৰে কৰে ত্ৰাণ,
 তুমি বিনে নাথ নাহি আৰ।
হেন শুনি নাৰায়ণে, বাসৱক বুলিলন্ত,
 যাওক কৰিব প্ৰতিকাৰ॥ ৩ ॥
কৃষ্ণক প্ৰণাম কৰি,  পুৰন্দৰ গৈলা লৰি,
 কৃষ্ণৰ চৰণে ৰঙ্গমনে।
সত্যভামা সমন্বিতে, নৰক ৰধিবে প্ৰতি,
 পাছে চলি গৈলা নাৰায়ণে॥
শুনা শুদ্ধ বুধ জন, দেৱ দেৱ জনাৰ্দ্দন,
 ভকতৰ হেতু অৱতাৰ।
ছিণ্ডোক পাতক জৰি, ডাকি বোলা হৰি হৰি,
 অনন্ত কন্দলি কহে সাৰ॥ ৪॥

পদ।

সত্যভামা সমে আৰোহিলা গৰুড়ক।
চলিল মাধৱ প্ৰাগ্‌জ্যোতিষ পুৰক॥
গোচৰিলে ইন্দ্ৰে সত্যভামাৰ মন্দিৰে।
এতেকে কৌতুকে তাঙ্ক নেন্ত দামোদৰে॥৫
আৰু হেন ইতিহাস কথা আছি শুনি।
যৈসানি বৰাহে তুলি আনিলা ধৰণী॥
সিকালত অশুচি আছিল বসুন্ধৰী।
তাহান পৰশে কামাতুৰ ভৈল হৰি॥ ৬॥
তেখনে বৰাহে তাঙ্ক কৰিলা শৃঙ্গাৰ।
কৃষ্ণৰ বীৰ্য্যে পৃথিবীৰ ভৈলেক কুমাৰ॥