এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



শ্ৰীকৃষ্ণায় নমঃ।

নৰকাসুৰ বধ।

___

 নমো ভাগবতে বাসুদেবায়।
কৃষ্ণৰ চৰিত্ৰ চয়, সাক্ষাতে অমৃত ময়,
 শুনা মহাৰাজা পৰিক্ষিত।
পুনঃ কৃতাঞ্জলি ধৰি, চৰণে প্ৰণাম কৰি,
 শুদ্ধ ভাৱে পুছিলা ঋষিত॥
যেন মতে নৰকক, বৰিলন্ত নাৰায়ণ,
 বিহা কৰিলন্ত কন্যাগণ।
ইটো কথা গুৰু মোত, কহিওক শুনিবাক,
 পৰম আনন্দ কৰে মন॥ ১॥
শুকমুনি নিগদতি, শুনিয়োক কুৰুপতি,
 দেবে সমে আসি পুৰন্দৰ।
হৰিৰ চৰণে পৰি, প্ৰণামি কাতৰ কৰি,
 কৃতাঞ্জলি কৰিলা বিস্তৰ॥
শুনিয়োক যদুৰাজ, কহিবাক লাগে লাজ,
 কেন মতে আছো জীব ধৰি।
অদিতী মাতৃৰ মোৰ, কৰ্ণৰ কুণ্ডল দুই,
 দাৰুণ নৰকে নিলে হৰি॥ ২॥
বৰুণৰ ছত্ৰধৰ, হৰি নিলে দুৰাচাৰ,
 আৰে মণি পৰ্ব্বত দেৱৰ।
যতেক সুন্দৰি নাৰী, সবে নিয়া আছে হৰি,
 প্ৰতিকাৰ কৰা দামোদৰ॥