এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২৩ )

তই ভৈলি দেবী, মই ভৈয়লা মানুষী,
 হাসি উঠে এই শুনি॥ ৮৭॥
সত্যভামা হেন, বোলন্তে আছয়,
 ইন্দ্ৰৰ উঠিল কোপ।
মাৰো কৃষ্ণ বুলি, হাতে বজ্ৰ ধৰি,
 কৰয় অতি আটোপ।
ইন্দ্ৰৰ আদেশে, দেৱতা নিঃশেষ,
 কৰে সবে শৰ বৃষ্টি॥
দেখি নাৰায়ণে, সাৰঙ্গ ধৰিয়া,
 টঙ্কাৰিল দৃঢ় মুঠি॥ ৮৮॥
অসংখ্যা প্ৰমাণ, প্ৰহাৰিল বান,
 লঘু হাতে অল্প কৰি।
হাৰি দেৱগণে, পশিল শৰণ,
 ত্ৰাহি কৃষ্ণ ৰাৱ পাৰি॥
লাজে শচীপতি,  শচী সমন্বিতে,
 কৃষ্ণক কৰিল স্তুতি।
কৰিলো দোষ, ক্ষমিওঁক ৰোষ
 আমি মহা মুঢ়মতি॥ ৮৯॥
পাছে দেৱ হৰি, ইন্দ্ৰক আশ্বাসি
 সত্যভামা সমন্বিতে।
পাৰিজাত লৈয়া, দ্বাৰকাত গৈয়া
 ভৈলা প্ৰভু উপস্থিত॥
দ্বাৰকাত মহা, উৎসব মিলিল,
 আসিলন্ত যদু নাথ।