পৃষ্ঠা:নৰকাসুৰ বধ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )

এহি মতে প্ৰেমভাৱে, শচীসমে অদিতীয়ে,
 কৰি সত্যভামাক আদৰ।
স্বৰ্গৰ বিচিত্ৰ পুষ্প, দিব্য বস্ত্ৰ অলঙ্কাৰ,
 মাধৱক দিলা নিৰন্তৰ॥
মাতৃক অশ্বাস কৰি, গৰুৰ স্কন্ধত চৰি,
 দ্বাৰকাক চলিল মুৰাৰী।
দেৱতাৰ যত নাৰী, বেঢ়ি চাৱে সাৰি সাৰি,
 যতেক সুন্দৰী অপেসৰী ॥ ৭৯॥
কিনো ৰুপ কিনো গুণ, হেন দেখি আছে কোন,
 কৃষ্ণৰ সমান মনোহৰ।
অমাবতী পুৰ চানি, কৰে জয় কৃষ্ণ ধ্বনি,
 বাৱে শঙ্খ দুন্দুভি বিস্তৰ॥
সত্যভামা সমন্বিতি, আসি যেবে যদুপতি,
 ইন্দ্ৰৰ ফুলনি সীমা পাইলা।
সেহি বেলা সত্যভামা, প্ৰণামি স্বামীৰ পাৱে,
 পূব্বৰ বচন সুৱৰাইলা॥ ৮০॥

_____

দেখা প্ৰাণ নাথ, পুষ্প পাৰিজাত,
 ইন্দ্ৰৰ শোভে ফুলবাৰী।
দিবো বুলি মোক, আনি আছা প্ৰভু,
 পাসৰিলা কেনে কৰি॥
তোমাৰ কিঙ্কৰী, ইন্দ্ৰৰ ঘৰিণী,
 পিন্ধে ইটো পাৰিজাত।