এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১৯ )

অনন্তৰে দেৱ হৰি, গৰুড় স্কন্ধত চৰি,
 সত্যভামা দেবী সমম্বিতে।
কুণ্ডল দিবাক প্ৰতি, চলি গৈলা অম্ৰাৱতী,
 ইন্দ্ৰৰ মন্দিৰে উপস্থিত॥
হেম দেখি দেৱগণ, ইন্দ্ৰ সমে আসি তথা,
 কৃষ্ণক পুজিলা বিধিৱতে।
কৰিলা অনেক স্তুতি, নিস্তাৰিলা যদুপতি,
 চৰণত পৰি দণ্ডৱতে॥ ৭৬॥
ইন্দ্ৰক আশ্বাষি হৰি, অদিতীৰ গৃহে চলি,
 গৈলা দেৱগণ সমন্বিতে।
মাতৃক প্ৰণাম কৰি, কুণ্ডল দিলন্ত হৰি,
 দেখি দেৱ ভৈলা সচকিত॥
আতি আথ বেথ কৰি, কৃষ্ণক সাবতি ধৰি,
 প্ৰেমে আকুলিত হুৱা মন।
নয়নৰ বহে নীৰ, মাতিলন্ত ধীৰে ধীৰ,
 মহা স্নেহে স্ৰজে দুই স্তন॥ ৭৭॥
কিনো তুমি কৃপা সিন্ধু, অনাথ জনৰ বন্ধু,
 কোনেনো সুজিব তযুগুণ।
নৰক দৈত্যক বধি, কুণ্ডল দিলেক আনি,
 এনে মোৰ পুত্ৰ সদগুণ॥
তোমাৰ প্ৰসাদে প্ৰভু, দুনাই কুণ্ডল পাইলোঁ,
 দেৱে সমে তাৰিলা ইন্দ্ৰক।
দেখি তযু পদ্ম মুখ, খণ্ডিল সকল দুঃখ,
 আজি সে লভিলোঁ আনন্দক॥ ৭৮॥