এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১৫ )

মই মহীজন জ্যোতি, অনিল আকাশ আতি,
 ইন্দ্ৰৰো দেৱতা মাত্ৰ গুণ॥
অহঙ্কাৰ মহতত্ব, এহি চৰাচৰ যত,
 তোমাতেসে দেখি ভ্ৰমগণ॥৬৪॥
একে ব্ৰহ্ম মাত্ৰ তুমি, ভকত জনৰ স্বামী,
 অনাথৰ নাথ নাৰায়ণ।
নাজানে ভকতি স্তুতি, কেৱল কৰোহোনতি,
 জানি মোক দিওক শৰণ॥
পুত্ৰকো বধিলা হৰি, সিতো দুষ্ট গৈলা মৰি,
 তাত কিছু নাহি মোৰ শোক।
তাৰে এহি পুত্ৰ খানি, তোমাতে ভেণ্টাইলো আনি,
 প্ৰভু আবে আক পালিওক॥ ৬৫॥
চৰণ পঙ্কজে পৰি, হেৰা প্ৰাণ নাথ হৰি,
 নাতি এৱে পশিলো শৰণ।
নকৰিও বুদ্ধি ভেদ, গুচাওক হৃদি খেদ,
 পালিওক কমল নয়ন॥
ইহাৰ শিৰত নাথ, দিওক পঙ্কজ হাত,
 তেবেসে বুড়ায় মোৰ প্ৰাণ।
কটাক্ষ নয়নে চায়া, কৰিও অপৰ দয়া,
 গুচোক ইহাৰ দুখ মন॥৬৬॥

____

শুক নিগদতি, সুভদ্ৰাৰ নাতি,
 শুকনিওক পৰিক্ষিত।